Tuesday, February 21, 2012

অসমীয়া সাহিত্যত অনুবাদ প্ৰসংগ

২০১২ চনৰ ৭ ফ্ৰেব্ৰুৱাৰীৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ত ‘‘অসমীয়া সাহিত্যত অনুবাদ প্ৰসংগ’’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা সত্ৰত (seminar) অংশ ল’বলৈ আমন্ত্ৰণ লাভ কৰিছিলো৷ আমি কোনো মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ লগত জড়িত ব্যক্তি নহওঁ, সেয়ে এই নিমন্ত্ৰণ আমাৰ বাবে আছিল এক কথাত ক’বলৈ হ’লে আচহুৱা ধৰণৰ কথা৷ কিন্তু আয়োজক ডক্টৰ দীপ্তি ফুকন পাটগিৰিয়ে দূৰভাষত হোৱা আলাপত (বিগত ডিচেম্বৰ মাহৰ পহিলাতে) জনালে যে অ-বিদ্যায়তনিক ক্ষেত্ৰখনত থাকি মই যিখিনি কাম কৰি আছো, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিমন্ত্ৰণ৷ গতিকে না- নকৰিলো৷
ডক্টৰ পাটগিৰিয়ে বিষয় নিৰ্বাচনৰ দায়িত্ব মোৰ ওপৰতে ন্যস্ত কৰিলে৷ এই বিষয়ে বিভিন্নজনৰ লগত আলোচনা কৰোতে আৰুণি কাশ্যপে দুখনমান কিতাপ পঢ়াৰ বাবে পৰামৰ্শ দিলে৷ আৰুণিয়ে নিজেও দুখনমান কিতাপৰ যোগান ধৰিলে৷এনে আলোচনা আৰু পঢ়া-শুনাৰ আধাৰত মই বিষয় নিৰ্বাচন কৰিলো ‘অনুবাদৰ ৰাজনীতি আৰু অসমীয়া সাহিত্য’৷

অনুবাদ আৰু ৰাজনীতিৰ সম্পৰ্ক সন্দৰ্ভত বাহিৰত বেচ চিন্তা-চৰ্চা হৈছে যদিও অসমীয়া অনুবাদৰ কোনো আলোচনাত এই বিষয়ে দেখা পোৱা নাই৷ কিন্তু এই সম্পৰ্কীয় শেহতীয়া তত্ত্ব বা চিন্তা- চৰ্চাৰ আলোকত মন কৰিলে দেখা যাব যে অনুবাদৰ ৰাজনীতিৰ পৰা অসমীয়া অনুবাদ সাহিত্যও ঊৰ্ধত নহয়-- বৰঞ্চ মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ বা শংকৰদেৱৰ অনুবাদৰ প্ৰসংগতো এনে দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পৰা যায়৷মোৰ গৱেষণা-পত্ৰখনত এনে বিষয়বোৰ ফহিয়াই দেখুওৱাৰ চেষ্টা কৰা হৈছিল৷ কিছু উচ্চবাচ্য যেন শুনালেও মোৰ ধাৰণা, politics in translation in context to Assamese literature বা অসমীয়া সাহিত্যৰ প্ৰসংগত অনুবাদৰ ৰাজনীতি বিষয়ক এয়াই আছিল প্ৰথম আলোচনা৷


No comments: